Help
Change language Assamese (অসমীয়া)

কিদৰে এজন সদস্য হোৱা যায়

New: Corylus jacquemontii Shop (ইন্ডিয়া), বাৰেমহীয়া, কন্দ

Become a KPR member, and enjoy cheaper prices immediately. Register here.

সদস্যপদ নথিভুক্ত প্রপত্র

মই এজন KPR ৰ সদস্য হব বিচাৰো

সদস্যপদৰ জাননী

চেপ্তেম্বৰ ২০০৭ ৰ পৰা আৰম্ভ হোৱা KPR ত আপুনি এজন সদস্য হব পাৰে, আন‌কি আপুনি যদিও শ্লোভাক ভাষা কব বা বুজিব নোৱাৰে তথাপিও।
২০০০ চনত আমি আমাৰ ক্লাব খন শ্লোভাক ভাষাত আৰম্ভ কৰিছিলো। তেতিয়াৰ পৰাই আমাৰ ইয়াত বহুতো সদস্যই যোগদান কৰিছে বিশেষকৈ শ্লোভাক আৰু চেচিয়াৰ পৰা।
এতিয়া আপুনি KPR শ্লোভাকীয়াত সদস্যপদৰ সকলো বিধ সুবিধাই গ্রহন কৰিব পাৰিব তাৰ বাবে আপুনাৰ ভাষা যিয়েই নহওক কিয়।
আমি পৃথিবীৰ যিকোনো ব্যক্তিক যিকোনো ঠাইৰ পৰাই আমন্ত্রণ জনাইছো যিজনে গছ-গছনি ভাল পায়। আমাৰ লগত যোগদান কৰক!
দুর্ভাগ্যবশত, এতিয়াও এটা অসুবিধা আছেঃ আপুনি আমাৰ ক্লাবৰ দিনপঞ্জি বোটানিক্স পঢ়িব নোৱাৰে, যদি আপুনি আমাৰ ভাষা নেজানে যি ভাষাত বোটানিক্স লিখা হৈছে।
আনহাতে, কিয়নো আপুনি নিজৰ ভাষাত আমাৰ ক্লাবৰ দিনপঞ্জি নবনায়? আহক আমি একেলগে আটাইবিলাক বাগিচা একেলগে হৈ যাওঁ, একেটা ভাষাত কথা কওঁ, আৰূ একেটা ভাষাতে লিখাৰ কাম আৰম্ভ কৰো বা সংগ্রহ কৰো বাগিচাৰ বিষয়ে বিভিন্ন লেখ, গছ-গছনি ইত্যাদি আৰু আৰম্ভ কৰো আমাৰ নিজা ভাষা বোটানিক্স!
আমাৰ আত্নসন্তুষ্টিৰ বাবে কোনো বাধা নাই!
আনহাতে, বাঢ়িব ধৰা নানান ধৰনৰ খ-খবৰ অর্থাৎ শ্লোভাক গার্ডেনীয়ার্চক সদায় গ্রীষ্মপ্রধান অঞ্চলৰ বাবে ব্যৱহাৰ নকৰি আৰু বিপৰীত মুখিও হব পাৰে, এইদৰেই স্থানীয় ভাষাৰ মিশ্রনত বোটানিক্স আগবাঢ়িব।

KPR শ্লোভাকীয়াৰ সদস্যপদ

কিয় KPR ৰ সদস্য হব লাগে

১। KPR ৰ সদস্য সকলে তেওঁলোকৰ অর্ডাৰ বিলাক আমাৰ ওচৰলৈ পঠাব পাৰে তুলনামূল‌ক ভাবে ভাল দামৰ বাবে। তলত কিছুমান উদাহৰন দিয়া হ’ল (অর্ডাৰৰ বাবে কোনো নিন্মতম সীমা নাই।)

KPR ৰ সদস্য সকলৰ বাবে মূল্য অ-সদস্য সকলৰ বাবে মূল্য % ৰেহাই
0,50 € 0,70 € 29%
0,70 € 0,90 € 22%
1,00 € 1,50 € 33%
3 € 4 € 25%

২। প্রত্যেক জন সদস্যই ৫টা কৈ বীজ বিনামূলীয়াকৈ পাব পাৰে প্রতি বছৰে (মাথোন তাল আৰু চাইকেড বীজৰ বাহিৰে আৰু কিছুমান বিশেষ বীজৰ বাহিৰে) KPR ৰ বীজ আৰূ গছ-গছনিৰ বেঙ্কৰ পৰা। সদস্য সকলে ইয়াৰ উপৰিও ৫০% ৰেহাই পাব আন আন চেম্পলৰ ওপৰত (সধাৰনতে এটা চেম্পলৰ বাবে ১ ইউৰো লাগে; যদিও KPR ৰ সদস্যৰ বাবে ইয়াৰ মূলয় হয়গৈ মাত্র ০,৫০ ইউৰো)।

৩। KPRৰ সদস্যৰ বাবে অর্ডাৰ বিলাকৰ যোগান, অ-সদস্যৰ অর্ডাৰতকৈ আগতেই দিয়া হয়।

৪। বাঢ়িব ধৰা গছ-গছনিৰ বাবে গোটাই বছৰ ধৰি বিনামূলীয়াকৈ পৰামর্শ দিয়া হয় মুঠ ১১ টা ভাষাত।

৫। আপুনি ওপেন একাউন্ট পৰিষেবা গ্রহন কৰিব পাৰে।

ওপেন একাউন্ট - ওপেন একাউন্ট পৰিষেবাৰ বাবে জাননী
KPR ত কোনো বস্তু কিনিবলৈ হলে ওপেন একাউন্ট হ’ল আটাইতকৈ সুবিধাজনক উপায়। অর্ডাৰ দিয়াৰ আগতে আপুনি আমাক টকা পঠিয়াওক-যেতিয়াই আপুনি এটা অর্ডাৰ দিব খুজিব, আপুনাৰ ওপেন একাউন্টত থকা ধন ৰাশিৰ বীপৰিতে তৎক্ষনাত টকা কাটি নিয়া হব। অর্থাৎ কেতিয়া আপিনাৰ টকা আমাৰ হাতত পৰিবহি তাৰ বাবে আমাক বাট চাই থাকিব নেলাগে ফলত আপুনাৰ অর্ডাৰ তৎক্ষনাত আপোনালৈ পঠিয়াই দিয়া হব। টকা জমা দিয়াৰ যিকোনো এটা পদ্ধতি অবলম্বন কৰি আপুনাৰ ওপেন একাউন্টত আপুনি যেতিয়া মন যায় টকা জমা কৰিব পাৰে।
আপুনাৰ ওপেন একাউন্টত আপুনি যেতিয়া মন যায় টকা জমা কৰিব পাৰে, টাইপ কৰক আপুনাৰ ব্যক্তিগত নম্বৰটো যাতে আমি আপুনাৰ প্রয়োজনটো জানিব পাৰো। আমি তেতিয়া আপোনাৰ ওপেন একাউন্টত আপুনাৰ টকা পোৱাৰ লগে লগেই জমা কৰি দিব পাৰিম। ওপেন একাউন্টত টকা জমা দিয়াৰ কোনো সীমা নাই। আপুনাৰ একাউন্টত টকা জমা হৈ যোৱাৰ পিছত আপুনি বিচৰা মতে টকা খৰচ কৰিব পাৰিব।
যদি আপুনি আপোনাৰ ওপেন একাউন্টৰ মাধ্যমে আমাক অর্ডাৰ দিব খোঁজে তেন্তে তলত দিয়া বক্তব্যৰ সৈতে আমাক জনাওকঃ "মোৰ অর্ডাৰটোৰ টকা ওপেন একাউন্টৰ মাধ্যমে দিয়া হব XXXXXXX"। আপোনাৰ অর্ডাৰটো ততাতিয়াকৈ টকা পোৱাৰ লগে লগেই পঠিওয়াৰ বন্দোবস্ত কৰা হব আৰু ভালকৈ পেকেট কৰি দিয়াৰ পিছত তৎক্ষনাত তাক পঠিয়াই দিয়া হব।
আপুনাৰ ওপেন একাউন্টৰ পৰা আপুনি টকা উভতাই পাব পাৰে। যিনহওক, মনত ৰাখিব যে টকা ঘুৰাই দিয়াৰ ক্ষেত্রত আমি মাথোন এটা ফীজ লওঁ। পেপ’ল ৰ দ্বাৰা টকা নিয়াৰ ক্ষেত্রত কোনো ফীজ লোৱা নহয় আৰু মানিব্রোকার্চ.কম ৰ ক্ষেত্রত টকা ঘুৰাই দিয়াৰ ক্ষেত্রত স‌র্বাধিক ফীজ হ’ল ০,৫০ ইউৰো। শ্লোভাকীয়া আৰু চেচীয়াৰ ভিতৰত টকা ঘুৰাই দিয়াৰ ক্ষেত্রত ঘৰুৱা বেঙ্কৰ দ্বাৰা কোনো ফীজ নেলাগে। অনুগ্রহ কৰি আন কোনো দেশৰ ফীজ/পেমেন্ট সংক্রান্ত বিষয়ত কোনো কথা জানিব থাকিলে আমাৰ লগত অবশ্যেই যোগাযোগ কৰক। আপুনাৰ পৰা অনুৰোধ আহিলে আমি আপুনাৰ টকা ওপেন একাউন্টৰ পৰা ৬০ দিনৰ ভিতৰত উভতাই পঠাম।
টীকাঃ ওপেন একাউন্ট ব্যৱহাৰ কৰিলে টকা পঠিওয়াৰ ক্ষেত্রত ফীজৰ পৰা হাত সাৰি যাব পাৰি। মাথোন আপুনাক এবাৰেই ওপেন একাউন্টত টকা পঠিয়াব লাগে আৰু আপোনাৰ একাউন্টৰ পৰা যেতিয়া মন যায় তেতিয়াই টকা খৰচ কৰি অর্ডাৰ পঠিয়াব পাৰে।
আন কিবা প্রশ্ন?

৬। যদি আপুনাৰ অর্ডাৰ ২০১০ চনত ৮০ ইউৰোৰ ওপৰত হয়, তেন্তে আপুনি বিচৰা ১০ ইউৰো মূল্যৰ যিকোনো বীজ বা গছৰ অর্ডাৰ এটা আমালৈ পঠাব পাৰে কোনো খৰচৰ অবিহনেই!

৭। বার্ষিক লটাৰী মূল্য ৫০, ৩০, আৰু ১৫ ইউৰোৰ সৈতে বিনামূলীয়াকৈ বজাৰ কৰিব পাৰিব আমাৰ সৈতে!

আৰূ অন্য বহুতো সুবিধা যিবিলাক আপুনাক সময়ে সময়ে জনাই থকা হব।

সদস্যপদৰ চর্তঃ

১। আপুনাক সদস্যপদৰ নাম নথিভুক্তকৰন প্রপত্র খন ভৰিব লাগে আৰু এটা বার্ষিক বৰঙ্গনি ১০ ইউৰো দিব লাগে ৩১ মার্চৰ ভিতৰত সদস্যপদৰ বাবে। সদস্যপদৰ বাবে পোৱা এই ধন ৰাশি KPR ৰ বিভিন্ন দিশৰ উন্নতিকল্পে ব্যয় কৰা হব।

বার্ষিক সদস্যপদৰ ফী ২০১০ ৰ বাবেঃ

(সদস্যপদ লাগু হয় 1.10.2009 ৰ পৰা 31.12.2010 লৈকে)

বার্ষিক বৰঙ্গনি প্রথম বছৰ অহা বছৰৰ বাবে ৰিনিউ
10 Euro 5 Euro

২। আপুনাক অন্ততঃপক্ষে বছৰত দুটা অর্ডাৰ ক্লাব অফাৰৰ পৰা দিব লাগে। অর্ডাৰৰ কোনো নিন্মতম সীমা নাই।

৩। আপুনি নিজ ইচ্ছামতে বাকী ৰাশি খিনি একেলগে আপুনাৰ সদস্যপদ বৰঙ্গনিৰ সৈতে দিব পাৰে, যিটো KPR বিভিন্ন প্রকল্পৰ উন্নতিকল্পে ব্যৱহাৰ কৰা হয় গোটেই পৃথিবীতে।

KPR ৰ এজন সদস্য হবলৈ আগ্রহী নে? এইটো অতি সহজ! এতিয়াই যোগদান কৰক। মাথোন সদস্যপদৰ বাবে নাম নথিভুক্ত প্রপত্র খন ভৰক।

সদস্যপদ নথিভুক্ত প্রপত্র

মই এজন KPR ৰ সদস্য হব বিচাৰো


আপুনি চপিং কার্ডত বস্তুটো যোগ কৰিছে।